11 কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, "হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
12 মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক। 13 আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।" 14 তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।