9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে,
আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম2:9 ইব্ৰী 1:4 তেওঁক দান কৰিলে,
10 যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে2:10 প্ৰ 5:13 যীচুৰ নামত আঁঠু লয়2:10 যিচ 45:23��
11 আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে��