Publicidade

Salmos 27

দায়ুদৰ ৰচিত গীত

1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;

মই কাক ভয় কৰিম?

যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,

মই কাৰ বাবে ত্ৰাসযুক্ত হম?

2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,

তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।

3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,

মোৰ হৃদয়ে ভয় নকৰিব;

মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,

তেতিয়াও মই সাহসেৰে থাকিম।

4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,

মই তাকেই অন্বেষণ কৰিম:

মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,

আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ

মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।

5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,

নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;

তেওঁ মোক শিলৰ ওপৰত তুলি থব।

6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,

তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;

মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।

মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!

7 হে যিহোৱা, মই মাতিলে, তুমি শুনা।

মোক কৃপা কৰা, মোক উত্তৰ দিয়া!

8 মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, "আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।"

হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।

9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;

ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।

তুমিয়েই মোৰ সহায় হৈ আহিছা;

হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!

10 মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।

11 হে যিহোৱা,

মোৰ শত্রুবোৰৰ কাৰণে,

তুমি মোক তোমাৰ পথ শিকোৱা;

তুমি মোক সমান পথত চলোৱা।

12 মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;

কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;

তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।

13 মই বিশ্বাস কৰোঁ যে,

জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!

14 তুমি যিহোৱালৈ অপেক্ষা কৰা;

সবল হোৱা;

তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক;

পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-