Publicidade

Salmos 92

এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।

1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;

হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;

2 ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা

আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;

3 দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,

গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।

4 কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;

মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।

5 হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ!

তোমাৰ চিন্তাবোৰ কেনে গভীৰ!

6 নির্বোধ লোকে নাজানে,

বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;

7 দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,

অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে,

তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।

8 কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।

9 কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ,

তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;

তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।

10 কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা;

তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।

11 মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ;

মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।

12 ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব;

লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।

13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;

তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।

14 তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;

তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;

15 তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;

তেৱেঁই মোৰ শিলা,

তেওঁত কোনো অধার্মিকতা নাই।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-