Publicidade

Salmos 142

গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা।

1 মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ,

মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।

2 মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো,

তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।

3 মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়,

তেতিয়া তুমি মোৰ পথ জানা;

মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;

4 মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা,

মোৰ খবৰ লওঁতা কোনো নাই;

মোৰ বাবে আশ্রয় স্থান নাই,

মোৰ বাবে কোনেও চিন্তা নকৰে।

5 হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো,

"তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।"

6 তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া,

কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ;

মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,

কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।

7 কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা,

যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ;

ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব;

কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-