Publicidade

Salmos 101

দায়ুদৰ ৰচিত গীত।

1 মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম;

হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।

2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;

তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?

মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।

3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;

বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,

সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।

4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;

দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।

5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,

তেওঁক মই উচ্ছন্ন কৰিম;

গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।

6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;

তেওঁলোকে মোৰ সৈতে বাস কৰিব।

যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।

7 ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;

মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।

8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;

যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-