Publicidade

Salmos 146

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।

2 মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম,

জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা;

তেওঁলোকে সহায় কৰিব নোৱাৰে।

4 তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়;

সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।

5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য;

যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।

6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা,

তেওঁ অনন্তকালে বিশ্বাসযোগ্য।

7 তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে,

ক্ষুধাতুৰবোৰক আহাৰ দান কৰে;

যিহোৱাই বন্দীবোৰক মুক্ত কৰে;

8 যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে,

নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে;

যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;

9 যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে,

তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে,

কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।

10 যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব;

হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-