Publicidade

Salmos 63

যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত।

1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;

আন্তৰিকতাৰে মই তোমাক বিচাৰিম;

পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,

মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

2 এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ,

পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।

3 কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম;

মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

4 এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম,

তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

5 লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব;

আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।

6 মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো;

নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

7 কিয়নো তুমি মোৰ সহায়কর্তা;

তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।

8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে;

তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে,

তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।

10 তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব;

আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।

11 কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব;

তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,

কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-