Publicidade

Salmos 55

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত।

1 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।

2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;

3 শত্ৰুৰ কথাৰ কাৰণে,

দুষ্টৰ অত্যাচাৰৰ বাবে,

তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে,

তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।

4 মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে,

মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।

5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;

আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।

6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!

তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,

7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন;

গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা]

8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,

শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।

9 হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;

মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।

10 তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;

অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।

11 ইয়াৰ ভিতৰত মন্দতা আছে;

পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।

12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;

কৰা হলে, মই তাক সহিলোহেঁতেন;

মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়;

কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।

13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;

মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।

14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;

লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,

জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক;

কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।

16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;

তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।

17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;

তাতে তেওঁ মোৰ মাত শুনিব।

18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;

মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।

19 ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে;

তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা]

যি মানুহৰ পৰিবৰ্ত্তন নাই;

তেওঁলোকে ঈশ্বৰক ভয় নকৰে।

20 মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;

তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।

21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,

কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী;

তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া,

সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।

22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;

তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

23 কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা;

ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব;

কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-