Publicidade

Salmos 135

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যিহোৱাৰ নামৰ প্ৰশংসা কৰা।

হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।

2 তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!

3 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;

তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।

4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,

নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।

5 কিয়নো মই জানো যে যিহোৱা মহান,

আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।

6 আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।

7 তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;

তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।

8 তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল;

মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।

9 হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;

ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।

10 তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।

11 ইমোৰীয়াবোৰৰ ৰজা চীহোন,

বাচানৰ ৰজা ওগক বধ কৰিলে;

কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।

12 তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;

নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।

13 হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;

হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।

14 কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,

নিজ দাসবোৰক কৃপা কৰিব।

15 জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;

সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।

16 সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;

চকু আছে, কিন্তু নেদেখে;

17 কাণ আছে, কিন্তু নুশুনে,

সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।

18 সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;

সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।

19 হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

20 হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।

21 চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;

তেওঁ যিৰূচালেমত নিবাস কৰে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-