Publicidade

Salmos 12

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;

বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।

2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়;

তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।

3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;

4 সেই সকলে কয়, "আমাৰ জিভাৰেই আমি জয় কৰিম;

আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,

কোন আমাৰ ওপৰত প্ৰভু হ’ব?"

5 যিহোৱাই কৈছে, "দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে

মই এতিয়া জাগি উঠিম।

নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।"

6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।

সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;

সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।

7 হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা।

এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।

8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,

দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-