Publicidade

Salmos 44

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।

1 হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ;

পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা,

সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।

2 তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা;

সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা।

তুমি সেই সকলো লোকক নাশ কৰিলা,

কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।

3 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল,

নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল;

কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল;

কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।

4 তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।

5 আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম;

আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।

6 মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ,

মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।

7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।

8 ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ;

চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)

9 কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা;

আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।

10 শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা;

আমাক শত্রুবোৰে আমাক লুট কৰিছে।

11 তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা;

জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।

12 তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা,

তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।

13 ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা;

চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।

14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা;

লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।

15 ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;

16 মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে,

শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,

17 আমালৈ এই সকলো ঘটিল;

তথাপি আমি তোমাক পাহৰা নাই,

অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।

18 তোমাৰ পৰা আমাৰ মন ঘূৰা নাই;

তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।

19 তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা,

মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।

20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ,

নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,

21 তেন্তে ঈশ্বৰে জানো তাক নাজানিব?

কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।

22 কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ;

আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।

23 হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা?

জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!

24 তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা?

আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?

25 আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে,

আমাৰ শৰীৰ মাটিত লাগি গৈছে। 26 উঠি আহা, আমাক সহায় কৰা;

তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-