Publicidade

Salmos 97

1 যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;

দ্বীপ সমূহেও আনন্দ কৰক।

2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;

ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল

3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;

চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।

4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল;

তাকে দেখি পৃথিৱী কম্পমান হ’ল।

5 পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,

সমুদায় পৃথিৱীৰ সন্মুখত।

6 আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে,

সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।

7 লজ্জিত হওঁক সেইসকল,

যিসকলে মূৰ্ত্তি পূজা কৰে;

যিসকলে অসাৰ প্রতিমাত গর্ব কৰে;

যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।

8 হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,

যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।

9 হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা;

সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।

10 যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে;

তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,

দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

11 ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;

সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।

12 হে ধাৰ্মিক লোকসকল,

যিহোৱাত আনন্দ কৰা,

তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-