Publicidade

Salmos 62

প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত।

1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;

তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।

2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;

তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

3 এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা?

তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা

4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;

তেওঁলোকে মিছা কথাত সন্তোষ পায়;

মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]

5 হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;

কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।

6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;

তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।

7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;

মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।

8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;

তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;

তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;

কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]

9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;

তেওঁলোক তৰ্জুত দাং খাব;

ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।

10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা;

বৃথা ধনী হ’বলৈ আশা নকৰিবা,

ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

11 ঈশ্বৰে এবাৰ ক’লে;

মই ইয়াক দুবাৰ শুনিলোঁ,

যে পৰাক্ৰম ঈশ্বৰৰহে।

12 হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন;

কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-