Publicidade

Salmos 21

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1 হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে!

তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!

2 তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা,

তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)

3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা,

তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।

4 তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে;

তাতে তুমি তেওঁক তাক দিলা;

তুমি তেওঁক অনেক আয়ুস দিলা।

5 তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়;

তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;

6 তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা;

তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।

7 কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে;

সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।

8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব;

তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।

9 তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা;

যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব;

অগ্নিয়ে তেওঁলোকক দহন কৰিব।

10 পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা;

মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।

11 যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে,

যদি অপকর্মৰ পৰিকল্পনা কৰে,

তেওঁলোক সফল হ’ব নোৱাৰিব।

12 কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা,

তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।

13 হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা!

আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-