Publicidade

Salmos 94

1 হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা,

হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।

2 হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা,

অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।

3 হে যিহোৱা, দুষ্টবোৰে কিমান কাল,

দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?

4 তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে;

সকলো দুষ্টলোকে গৰ্ব্ব কৰে।

5 হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে;

তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।

6 বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে;

অনাথ সকলক হত্যা কৰিছে;

7 তেওঁলোকে ক’য়, "যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।"

8 হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা;

হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?

9 যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব?

যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?

10 যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে,

তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?

11 যিহোৱাই মানুহৰ সকলো চিন্তা জানে;

তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।

12 হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা,

আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,

13 যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়,

যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।

14 কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব,

নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।

15 ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব;

শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।

16 কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব?

মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?

17 যদি যিহোৱাই মোক সহায় নকৰে,

তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।

18 যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে,

তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।

19 মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে,

তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।

20 দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে,

তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?

21 তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়;

তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।

22 কিন্তু যিহোৱাই মোৰ দুৰ্গ;

মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।

23 তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব,

তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব;

আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-