Publicidade

Salmos 23

দায়ুদৰ ৰচিত গীত

1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।

2 তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;

আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।

3 তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;

নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।

4 এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ,

কিয়নো তুমি মোৰ সঙ্গত আছা;

তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।

5 তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;

তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;

মোৰ পান-পাত্ৰ উপচি পৰিছে

6 অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,

আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-