Publicidade

Salmos 40

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1 মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ;

তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।

2 তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে,

পঙ্কিল জলাশয়ৰ পৰা তুলিলে।

শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।

3 তেওঁ মোৰ মুখত এটি নতুন গীত দিলে,

আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে;

অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।

4 ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে;

যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে,

নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।

5 হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা,

আমাক লৈ তোমাৰ পৰিকল্পনা অনেক,

তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি,

মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।

6 তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা;

তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা;

হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।

7 তেতিয়া মই ক’লো, "এইয়া মই আহিছোঁ;

পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।

8 হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ;

তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।"

9 মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ;

হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।

10 তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই;

তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ;

তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।

11 হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা;

তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।

12 কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে;

মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে;

মই অপৰাধবোৰ দেখা নোপোৱা হ’লো;

সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।

13 হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা;

হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।

14 যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;

যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।

15 যিসকলে মোক দেখি কয়, "ভাল হৈছে, ভাল হৈছে," তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।

16 কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক;

তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, "যিহোৱা মহান।"

17 কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে,

হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা;

তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-