Publicidade

Salmos 128

যাত্ৰাৰ সঙ্গীত

1 ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;

2 তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা,

তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।

3 তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব;

তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।

4 এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।

5 যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব;

তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।

6 এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা।

ইস্ৰায়েলৰ ওপৰত শান্তি হওক।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-