Publicidade

Salmos 20

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1 সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক,

যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,

2 তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;

তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।

3 তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক;

তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)

4 তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।

তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।

5 তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম;

আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম;

যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।

6 এতিয়া মই জানো,

যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব,

তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে,

তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।

7 অনেকে তেওঁলোকৰ ৰথত,

অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;

কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।

8 তেওঁলোক পৰিব আৰু পতন হ’ব।

কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।

9 হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা;

আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-