Publicidade

Salmos 99

1 যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক।

তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;

পৃথিৱী কঁপি উঠক।

2 চিয়োনত যিহোৱা মহান;

সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।

3 জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;

তেওঁ পবিত্ৰ।

4 শক্তিশালী ৰজাই ন্যায় ভাল পায়;

তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;

তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।

5 আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,

তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;

তেওঁ পবিত্ৰ।

6 তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ,

আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে

প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।

7 তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;

তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।

8 হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;

তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,

তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।

9 তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,

তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:

কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-