Publicidade

Salmos 125

যাত্ৰাৰ সঙ্গীত।

1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,

তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।

2 যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,

তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;

এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।

3 ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে,

সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।

4 হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;

যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।

5 কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,

যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।

ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-