Publicidade

Salmos 121

যাত্ৰাৰ সঙ্গীত।

1 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,

ক’ৰ পৰা মোৰ সহায় আহিব?

2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;

তোমাৰ ৰখীয়াজনা টোপনি নাযাব।

4 চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,

তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।

5 যিহোৱা তোমাৰ ৰক্ষক;

যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।

6 দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।

7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;

তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।

8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-