Publicidade

Salmos 104

1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান;

তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।

2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা,

আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।

3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা;

মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা,

বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।

4 তুমি বতাহক তোমাৰ দূত কৰিছা;

অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা

5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা;

সেয়ে কেতিয়াও লৰচৰ নহ’ব।

6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা।

সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।

7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল;

তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।

8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল;

তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।

9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা,

যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।

10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া;

সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।

11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়;

বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।

12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়,

গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।

13 তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে;

তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।

14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া,

যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;

15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস,

মুখ উজ্জ্বল কৰা তেল,

আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।

16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;

তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।

17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।

18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস;

শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।

19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা;

তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।

20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়;

অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।

21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে;

ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।

22 সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।

23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়;

সন্ধ্যালৈকে পৰিশ্ৰম কৰে।

24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী!

তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা;

সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।

25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ;

তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।

26 তাৰ মাজত জাহাজবোৰ চলে;

তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।

27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে;

যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।

28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়;

তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।

29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়;

তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।

30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়,

আৰু তুমি ভূমিতল নতুন কৰি তোলা।

31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক;

যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।

32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়:

তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।

33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;

মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।

34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;

মই যিহোৱাত আনন্দ কৰিম।

35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক;

দুষ্টলোক আৰু নাথাকক।

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-