Publicidade

Salmos 30

মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ৰ গান; দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা।

মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।

2 হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।

3 হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা,

তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা।

4 হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

5 কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে;

ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে,

কিন্তু ৰাতিপুৱাতে আনন্দ আহে।

6 সুখৰ দিনত মই কৈছিলোঁ,

"মোক কোনেও লৰাব নোৱাৰিব।"

7 হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা;

কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।

8 হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ,

মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:

9 "মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে?

ধুলিয়ে জানো তোমাৰ প্ৰশংসা

নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?

10 হে যিহোৱা, শুনা, মোক কৃপা কৰা,

হে যিহোৱা, মোৰ সহায় হোৱা।"

11 শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা;

শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,

12 যাতে মোৰ অন্তৰ নীৰৱে নাথাকে

বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়;

হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-