Publicidade

Salmos 112

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।

2 তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;

ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।

3 তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।

4 ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;

তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।

5 যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;

তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

6 কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব;

ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।

7 দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;

তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;

তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।

8 তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;

শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।

9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে;

তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।

10 দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;

দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-