Publicidade

Salmos 4

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।

1 হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো,

তেতিয়া তুমি মোক উত্তৰ দিয়া।

বিপদে যেতিয়া মোক হেঁচি ধৰিলে,

কিন্তু তুমিয়ে মোক বহল ঠাই দিলা;

মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।

2 হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা?

কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি

অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।

3 কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক

তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে।

মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।

4 তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা;

নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।

5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।

6 অনেকে কয়, "অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!"

হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।

7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,

তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।

8 মই শান্তিৰে শুই টোপনি যাম।

কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-