Publicidade

Salmos 130

যাত্ৰাৰ সঙ্গীত

1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।

2 হে প্ৰভু, মোৰ স্বৰ শুনা!

মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!

3 হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা,

তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?

4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে,

যেন মানুহে তোমাক ভয় কৰে।

5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে,

মই তেওঁৰ বাক্যত আশা কৰিছোঁ।

6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে,

হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে,

যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।

7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে;

তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।

8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব,

সকলো অপৰাধৰ পৰা মুক্ত কৰিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-