Publicidade

Salmos 26

দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা, মোৰ বিচাৰ কৰা,

কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,

অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।

2 হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;

মোৰ হৃদয় আৰু মনক খপি চোৱা।

3 কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,

মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।

4 প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।

অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।

5 মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;

দুষ্ট লোকৰ লগত নবহো।

6 হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ,

আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,

7 যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ;

তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।

8 হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,

তোমাৰ গৌৰৱ সেই ঠাইত থাকে,

মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9 পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;

ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।

10 তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;

তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।

11 কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;

মোক মুক্ত কৰা; মোক কৃপা কৰা।

12 মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;

মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-