Publicidade

Salmos 56

প্ৰধান বাদ্যকৰৰ নিমিত্তে যোনৎএলম ৰহোকীম সুৰত গাবলগীয়া মিকতাম নামে দায়ূদৰ ৰচিত গীত। পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত।

1 হে ঈশ্বৰ, মোক কৃপা কৰা;

কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।

2 মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।

3 যেতিয়াই মোৰ ভয় লাগে;

তেতিয়াই মই তোমাত ভাৰসা কৰিম।

4 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মাংসই মোক কি কৰিব পাৰে?

5 সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে;

সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।

6 সিহঁতে গোট খাই লুকাই থাকে;

সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।

7 অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে?

হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।

8 তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা;

তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা;

সেইবোৰ তোমাৰ বহিত নাই নে?

9 সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব;

ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ

10 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।

11 মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মানুহে মোক কি কৰিব পাৰে?

12 হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে;

তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।

13 কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা;

জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ,

তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-