Publicidade

Salmos 143

দায়ুদৰ ৰচিত গীত

1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ কাকুতিলৈ কাণ পাতা;

তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।

2 তোমাৰ দাসক বিচাৰলৈ নিনিবা;

কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।

3 শত্ৰুৱে মোক পাছে পাছে খেদি আহিল,

তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে,

দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।

4 সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে;

মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।

5 মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও,

মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ,

তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।

6 মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ;

শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা]

7 হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া,

কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে;

মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা,

মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।

8 ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,

কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;

তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,

কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।

9 হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা;

মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;

10 তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা,

কিয়নো তুমিয়েই মোৰ ঈশ্বৰ;

তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।

11 হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা;

তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

12 তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা;

মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা,

কিয়নো মই তোমাৰ দাস।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-