Publicidade

Salmos 28

দায়ুদৰ ৰচিত গীত

1 হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ;

হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা।

কাৰণ, তুমি যদি মনে মনে থাকা,

তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।

2 সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ,

তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো,

তেতিয়া তুমি মোৰ নিবেদন শুনা।

3 যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে,

যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়,

অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে,

সেইসকলৰ লগত তুমি মোক টানি নিনিবা।

4 তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে,

তুমি তেওঁলোকক প্ৰতিফল দিয়া;

তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া।

তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।

5 কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে;

সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব,

আৰু পুনৰায় গঢ় নিদিব।

6 সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।

7 যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;

মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।

সেইবাবেই মই সহায় পাইছোঁ।

সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;

মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

8 যিহোৱা তেওঁৰ লোকসকলৰ বল;

তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।

9 হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা,

তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা;

তুমি তেওঁলোকৰ ৰখীয়া হোৱা

আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-