Publicidade

Salmos 1

1 ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,

পাপীবিলাকৰ পথত থিয় নহয়,

নিন্দকবোৰৰ সমাবেশত নবহে;

2 কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,

আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।

3 সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,

যি গছে বতৰত ফল দিয়ে,

আৰু যাৰ পাত জঁয় নপৰে;

সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।

4 দুষ্টবোৰ তেনেকুৱা নহয়;

সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।

5 এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,

আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।

6 কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,

কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-