Publicidade

Salmos 126

যাত্ৰাৰ সঙ্গীত।

1 যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে,

তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।

2 তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল,

আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল;

আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে,

"যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।"

3 যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে;

সেয়ে আমি আনন্দ কৰিলোঁ।

4 হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ,

তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।

5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।

6 যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-