Publicidade

Salmos 16

মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।

1 হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,

কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।

2 মই যিহোৱাক ক’লোঁ, "তুমিয়েই মোৰ প্ৰভু;

তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।"

3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;

তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।

4 যিসকলে আন দেৱতাক মনোনীত কৰে,

তেওঁলোকৰ অধিক যাতনা হ’ব,

তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;

দেৱতাৰ নামো মোৰ ওঁঠত নলম।

5 যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;

মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।

6 মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,

অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।

7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;

ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।

8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;

তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।

9 এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,

মোৰ হৃদয়ে উল্লাস কৰে;

মোৰ শৰীৰ নিৰাপদে থাকিব।

10 কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,

তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।

11 তুমি মোক জীৱনৰ পথ শিকাইছা;

তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;

তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-