Publicidade

Salmos 19

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1 গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে;

আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।

2 দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে;

ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।

3 কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই;

তাৰ শব্দও শুনা নাযায়।

4 তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়;

সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়;

আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।

5 সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে;

নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।

6 সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ;

তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে

7 যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে;

যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।

8 যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে;

যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।

9 যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী;

যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।

10 সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়;

সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।

11 তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে;

সেইবোৰ পালন কৰিলে পৰম লাভ হয়।

12 কোনে নিজৰ ভুলবোৰ গমিব পাৰে?

মোক গুপুত পাপৰ পৰা শুচি কৰা।

13 গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা;

সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে;

তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।

14 হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা,

মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-