Publicidade

Salmos 41

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1 ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে;

যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।

2 যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব;

তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।

3 তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে;

নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।

4 মই ক’লো, "হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা,

কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।"

5 মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, "সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?"

6 তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়;

তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।

7 মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়;

তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে

8 তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।"

9 মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল,

মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।

10 কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা;

মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।

11 ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট,

কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।

12 তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা;

তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।

13 ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা,

অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত।

আমেন, আৰু আমেন।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-