Publicidade

Salmos 103

দায়ুদৰ ৰচিত গীত।

1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা;

হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

2 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা,

তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।

3 যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে,

তোমাৰ সকলো ৰোগ সুস্থ কৰে,

4 যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে,

যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,

5 যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে,

তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।

6 যিহোৱাই উচিত কাৰ্য কৰে;

উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।

7 তেওঁ মোচিক নিজৰ পথবোৰ,

আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে

8 যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।

9 তেওঁ সদায় ধমকি দি নাথাকিব,

চিৰকাললৈকে ক্ৰোধো নাৰাখিব।

10 তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই,

আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।

11 কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ,

তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।

12 পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ,

তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।

13 বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;

14 কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।

15 মানুহৰ আয়ুস তৃণৰ নিচিনা;

যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।

16 ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়;

সেই স্থানেও তাক চিনি নাপায়।

17 কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,

আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।

18 তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।

19 যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে;

তেওঁৰ শাসন সকলোৰে ওপৰত আছে।

20 হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ;

যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল,

তোমালোকে তেওঁৰ ধন্যবাদ কৰা;

21 হে যিহোৱাৰ বাহিনী সমূহ,

যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল,

তেওঁৰ ধন্যবাদ কৰা।

22 হে যিহোৱাৰ সকলো নির্মিত বস্তু,

তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা;

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-