Publicidade

Salmos 118

1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,

কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

2 ইস্ৰায়েলে কওঁক,

"তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।"

3 হাৰোণৰ বংশই কওঁক,

"তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।"

4 যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক,

"তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।"

5 মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ;

যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।

6 যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ;

মানুহে মোক কি কৰিব পাৰে?

7 মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে;

গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।

8 মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।

9 অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।

10 সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে;

মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

11 তেওঁলোকে মোক আগুৰি ধৰিলে,

হয়, মোক আগুৰি ধৰিলে;

মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

12 তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে;

কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল;

মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

13 মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল,

কিন্তু যিহোৱাই মোক সহায় কৰিলে।

14 যিহোৱা মোৰ বল আৰু প্রবল শক্তি;

তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।

15 ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল;

"যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।"

16 যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল;

যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।

17 মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম,

আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।

18 যিহোৱাই মোক বৰকৈ শাস্তি দিলে;

কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।

19 মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া,

যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।

20 এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।

21 মই তোমাৰ ধন্যবাদ কৰোঁ;

কিয়নো তুমি মোক উত্তৰ দিলা;

তুমি মোৰ পৰিত্ৰাণ থ’লো।

22 ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে,

সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।

23 এইয়া যিহোৱাৰেই কার্য,

আমাৰ দৃষ্টিত অতি আচৰিত লাগে।

24 এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;

আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।

25 হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা!

হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা।

26 ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে;

আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।

27 যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে;

তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।

28 তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম;

তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।

29 তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;

তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-