Publicidade

Salmos 3

পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!

মোৰ বিৰুদ্ধে অনেকেই উঠিছে!

2 অনেকে মোক কৈছে, "ঈশ্বৰে তোমাক সহায় নকৰে।" (চেলা)

3 কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;

তুমিয়েই মোৰ গৌৰৱ;

তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।

4 মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;

তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)

5 মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;

কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।

6 মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,

কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।

7 হে যিহোৱা উঠি আহাঁ!

হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;

তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;

দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।

8 পৰিত্ৰাণ যিহোৱাতে আছে;

তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-