Publicidade

Salmos 10

1 হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?

সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?

2 অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;

তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;

3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;

লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে

4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;

"ঈশ্বৰে ইয়াক বিচাৰি নাপাব;"

তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, "ঈশ্বৰ বুলি কোনো নাই।"

5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;

তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে,

সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;

তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।

6 তেওঁলোকে মনতে কয়, "একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।

আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।"

7 তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;

তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।

8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;

সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে;

কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।

9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;

তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;

তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।

10 তেওঁলোকে চাপৰি কুঁজা হৈ

অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।

11 তেওঁলোকে নিজৰ মনতে ভাৱে, "ঈশ্বৰে পাহৰিলে;

তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।"

12 হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;

নির্যাতিত সকলক পাহৰি নাযাবা।

13 দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?

তেওঁলোকে কিয় মনে মনে ভাৱে যে,

"তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?"

14 কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;

অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,

তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;

অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;

তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা

15 দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;

তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।

16 যিহোৱা চিৰকালৰ ৰজা;

তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।

17 হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;

তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,

তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;

18 এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;

তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-