Publicidade

Salmos 54

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, "দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে" - এইয়া সেই সময়ৰ ৰচিত গীত।

1 হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;

তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ মুখৰ কথালৈ কাণ দিয়া।

3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,

হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;

তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4 কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা;

ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে

5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;

তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;

হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;

মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-