Publicidade

Salmos 13

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা, আৰু কিমান কাল?

তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?

মোৰ পৰা কিমান দিনলৈ

তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?

2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?

কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?

3 হে মোৰ ঈশ্বৰ যিহোৱা,

মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!

মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।

4 মোৰ শত্রুৱে তেতিয়া ক’ব, "মই জয়ী হলোঁ;"

মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।

5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;

তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।

6 মই যিহোৱাৰ উদেশ্যে গান গাম,

কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-