Publicidade

Salmos 47

প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত।

1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;

আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।

2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;

সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।

3 তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে,

জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।

4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;

সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)

5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;

যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।

6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,

প্ৰশংসাৰ গান কৰা;

তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,

প্রশংসাৰ গান কৰা।

7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;

তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।

8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;

তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।

9 জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে;

অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;

কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ;

তেৱেঁই সবাতোকৈ মহান।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-