Publicidade

Salmos 15

দায়ুদৰ ৰচিত গীত।

1 হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন?

তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?

2 সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়,

ন্যায় কৰ্ম কৰে,

সত্য ভৰা অন্তৰেৰে কথা কয়;

3 যিসকলৰ জিভাই পৰচর্চ্চা নকৰে,

বন্ধুৰ ক্ষতি নকৰে,

চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,

4 যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়,

কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়,

যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,

5 যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে,

আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে।

যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-