Publicidade

Salmos 57

প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত।

1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা;

কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে;

এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

2 মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম,

মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।

3 মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]।

ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।

4 মোৰ জীৱন শত্রুবোৰৰ মাজত আছে,

সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ,

আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ,

এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।

5 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;

গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে;

মোৰ প্ৰাণ নত হৈছে।

সিহঁতে মোৰ সন্মুখত গাত খানিলে;

সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]।

7 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল,

মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।

8 হে মোৰ হৃদয়, সাৰ পোৱা;

হে নেবল আৰু বীণা, সাৰ পোৱা;

মই প্ৰভাতক জগাম।

9 হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম;

লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

10 কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে,

আৰু তোমাৰ সত্যতা আকাশলৈকে।

11 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;

গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-