Publicidade

Salmos 32

মচকীল নামেৰে দায়ুদৰ ৰচিত গীত

1 ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়;

যি লোকৰ পাপ ঢকা হয়।

2 ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে,

আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।

3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।

4 কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,

মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)

5 তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;

মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ;

মই ক’লো, "যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম";

তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)

6 সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক;

বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।

7 তুমি মোৰ গুপ্তস্থান;

তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;

মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)

8 মই তোমাক বুদ্ধি দিম;

তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।

9 তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা,

সিহঁতৰ বুজন শক্তি নাই;

মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়,

নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।

10 দুষ্টলোকৰ যাতনা অধিক;

কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।

11 হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা;

যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-