Publicidade

Salmos 50

আচফৰ ৰচিত গীত।

1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে,

সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।

2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা,

ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।

3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব;

তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব,

তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।

4 তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে,

তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।

5 "মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা,

যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।"

6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে;

কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)

7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম;

হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম;

মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।

8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই;

তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।

9 তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ;

তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।

10 কিয়নো সকলো বনৰীয়া জন্তু মোৰেই,

অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।

11 এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো;

পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।

12 "মোৰ ভোক লাগিলেও মই তোমাক নক’ম;

কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।

13 ভতৰাৰ মাংস মই ভোজন কৰিম নে?

মই ছাগলীবোৰৰ তেজ পান কৰিম নে?

14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা;

সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।

15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা;

মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।"

16 কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে,

"মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?

17 কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা;

মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।

18 চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা;

তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।

19 দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা,

তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।

20 তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক;

একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।

21 এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ;

তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন।

কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।

22 তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা;

নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম;

তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।

23 যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে;

যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-