Publicidade

Salmos 69

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।

1 হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;

কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।

2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;

গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।

3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;

মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।

4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;

অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;

মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।

5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;

আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।

6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;

হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।

7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;

তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।

8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;

তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।

9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;

আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।

10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ;

তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।

11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;

তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।

12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;

মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।

13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;

তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।

14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;

মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।

15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;

আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।

16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;

তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।

17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;

কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।

18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;

মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।

19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;

মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।

20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;

কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,

কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।

21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;

মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।

22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;

আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব

23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;

তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।

24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;

তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।

25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;

তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।

26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;

তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।

27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;

তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।

28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;

আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।

29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;

হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।

30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;

ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।

31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;

নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।

32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;

হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।

33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;

আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।

34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;

সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।

35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;

লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।

36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;

তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-