5 আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল। 6 যিহোৱাই কৈছিল, "এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব। 7 গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।"
8 এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে। 9 এইবাবেই সেই ঠাইৰ নাম বাবিল11:9 ভেদ ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।